মেদবহুলতাৰ সজ্ঞা কি?

কেনেকৈ জানিম যে আমি মেদবহুল নে অতিৰিক্ত ওজনৰ ব্যক্তি নে নৰ্মেল?
সাধাৰণতে ২ ধৰণৰ সূচকৰ দ্বাৰা ইয়াৰ সজ্ঞা নিৰুপণ কৰা যায়ঃ
১) বি.এম.আই (BMI) বা Body Mass Index মানে হ’ল মানুহ এজনৰ ওজন আৰু উচ্চতাৰ অনুপাত। সাধাৰণতে বি.এম.আই ১৮. ১ পৰা ২৪.৯ ভিতৰত হ’ব লাগে।
বি.এম.আই নিৰ্ধাৰনৰ সূত্ৰঃ
ওজন(কে.জি)/উচ্চতা(মিটাৰ)2

উদাহৰণস্বৰূপে যদি এজন মানুহৰ ওজন ৭০ কেজি আৰু উচ্চতা ১.৭ মিটাৰ হয় তেন্তে তেঁওৰ বি.এম.আই হ’বঃ

৭০/(১.৭)(মিটাৰ)২ = ২৪.২২

যদি এজ্ন মানুহৰ বি.এম.আই ৩০ ৰ বেছি হয় তেন্তে তেওঁক মেদবহুল বুলি কোৱা হয়।

যদি ২৫ ৰ পৰা ৩০ ৰ ভিতৰত থাকে তেতিয়া তেঁওক অতিৰিক্ত ওজ্নৰ ব্যক্তি বুলি কোৱা হয়।

২) কঁকাল আৰু নিতম্বৰ অনুপাতঃ ২য় বিধ সূচক হ’ল কঁকাল আৰু নিতম্বৰ অনুপাত যাক ইংৰাজীত Wiast to Hip Ratio(WHR) বুলি কোৱা হয়। য্দি ই পুৰুষৰ ক্ষেত্ৰত .৯০ আৰু মহিলাৰ ক্ষেত্ৰত .৮৫ অতকৈ বেছি হয় তেন্তে মেদবহুল বুলি ধৰা হ’য়।

গতিকে এতিয়া বুজিলেনে মেদবহুলতা মানে কি?

আৰু প্ঢ়ক

মধুমেহৰ বিষয়ে থকা ১২ টা ভ্ৰান্ত ধাৰণা

Please follow and like us:
Pin Share
Follow by Email
YouTube
URL has been copied successfully!