Spread the love

মেদবহুলতাৰ ফলত হোৱা ক্ষতিসমুহঃ
মেদবহুলতাৰ ফলত আমাৰ শাৰীৰিক,মানসিক,আৰ্থিক আৰু সামাজিক সকলো ফালৰ পৰাই ভয়ংকৰ ক্ষতি হ’য়।
ইয়াৰ কুফল সুদুৰপ্ৰসাৰী আৰু ই আন বহু ৰোগ যেনে মধুমেহ, উচ্চৰক্তচাপ,হৃদৰোগ আদিৰ লগত ওতঃপ্ৰতঃ ভাবে জৰিত।
ৰ) মেদবহুলতাৰ পৰা হোৱা শাৰীৰিক কুফলবিলাকঃ

ক) টাইপ–2 প্ৰকাৰৰ মধুমেহঃ

শৰীৰত যেতিয়া অত্যাধিক চৰ্বি জমা হয় বিশেষকৈ পেটত তেতিয়া ই ইনচুলিনৰ অবৰোধ  গঢ়ি তোলে। ইয়াৰ ফলস্বৰুপে দেহত শৰ্কৰাৰ বা চুগাৰৰ মাত্ৰা বাঢ়ে। টাইপ-2 মধুমেহত ভোগা শতকৰা ৯০ ভাগ মানুহেই মেদবহুল।

খ) হৃদৰোগঃ

মেদবহুলতাৰ লগত হাৰ্ট এটাক বা স্টে˜াক আৰু অন্যান্য হৃদয় জনিত ৰোগৰ ঘনিস্থ সমৰ্ক আছে।ইয়াৰ প্ৰধান কাৰণ হ‘ল উচ্চ ক’লেষ্টেৰলৰ মাত্ৰা। ইয়াৰ লগত যদি উচ্চৰক্তচাপৰ সমস্যা আছে তেন্তে হাৰ্ট এটাকৰ সম্ভাৱনা বহু বাঢ়ি যায়।এইটো দেখা গৈছে যে মেদবহুল লোক এজনৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা সাধাৰণ মানুহ এজনতকৈ প্ৰায় দুগুন।

গ)স্বাস-প্ৰস্বাস জনিত ৰোগঃ

ডিঙিৰ চাৰিওকাষে জমা হোৱা চৰ্বিৰ ফলত শোৱাৰ সময়ত উশাস-নিশাস লোৱাত অসুবিধা হয় যাৰ ফলত ব্দচ্ঞঙ্গঙ্গহ্ম aহ্মnপ্সঙ্গa নামৰ এক সমস্যাৰ সৃস্টি হয় ।ইয়াৰ উপৰিও বুকুৰ ফালে জমা হোৱা চৰ্বিৰ বাবে হাঁওফাঁওৰ কাৰ্যক্ষমতা কমি যায়।

ঘ) উচ্চৰক্তচাপঃ

মেদবহুল ব্যক্তি এজনৰ সাধাৰণ ব্যক্তি এজনতকৈ উচ্চৰক্তচাপত ভোগাৰ সম্ভাৱনা ৬ গুন বেছি।

ঙ) অস্থিসন্ধি আৰু কংকালতন্ত্ৰৰ সমস্যাঃ
বৰ্ধিত ওজন কঢ়িয়াব লগা হোৱা বাবে শৰীৰৰ অস্থিসন্ধি আৰু পেশীবোৰে (বিশেযকৈ নিম্নভাগৰ ) বৰ কস্ট পায় আৰু আৰ্থাইটিছ ,গাউট আদিৰ দৰে সমস্যাৰ সৃস্টি কৰে।কঁকাল , আঠু আদিত ইয়াৰ প্ৰভাব ৱেছিকৈ পৰে।

চ) কৰ্কট ৰোগঃ

মেদবহুলতাৰ ফলত দেহত বহু হৰ’মনৰ তাৰতম্য ঘটে যাৰ ফলত হৰ’মনৰ লগত সম্পৰ্ক থকা কিছুমান কৰ্কট ৰোগ যেনে স্তন,বৃক্ক,প্ৰস্থেট,ক’লন আৰু এন্দিমেত্ৰিয়ামৰ কেন্সাৰ আদিৰ সম্ভাৱনা বাঢ়ি যায়।

ওপৰত উল্লেখ কৰা শাৰীৰিক প্ৰভাৱ বিলাকৰ উপৰিও গ’লব্লাডাৰৰ পাথৰ ,মহিলাসকলৰ মাহেকীয়াৰ সমস্যা আদিও বেছি দেখা যায়।
এটা সমীক্ষাৰ মতে মেদবহুল মানুহ এজনৰ আয়ুস সাধাৰণ মানুহ এজনতকৈ প্ৰায় ১৫ বছৰ কমি যায়।

ওপৰত উল্লেখ কৰা শাৰীৰিক প্ৰভাৱ বিলাকৰ উপৰিও গ’লব্লাডাৰৰ পাথৰ ,মহিলাসকলৰ মাহেকীয়াৰ সমস্যা আদিও বেছি দেখা যায়।
এটা সমীক্ষাৰ মতে মেদবহুল মানুহ এজনৰ আয়ুস সাধাৰণ মানুহ এজনতকৈ প্ৰায় ১৫ বছৰ কমি যায়।

আৰু প্ঢ়ক

মেদবহুলতা মানে কি?

মধুমেহৰ বিষয়ে থকা ১২ টা ভ্ৰান্ত ধাৰণা