কেৰলিনস্কা ইনষ্টিটিউটৰ এটা নতুন গবেষণাত দেখা গৈছে যে ভাৰতত দীৰ্ঘদিন ধৰি বায়ু প্ৰদূষণৰ  ফলত লাখ লাখ লোকৰ মৃত্যু হয়। দ্য লেন্সেট প্লেনেটাৰী হেল্থ নামৰ বিখ্যাত আলচ্নীত প্ৰকাশিত এই গৱেষণাত দেশত বায়ুৰ গুণাগুণ ৰক্ষাৰ বাবে কোঠোৰ নিয়মৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

২.৫ মাইক্ৰ’মিটাৰ ব্যাসৰতকৈ সৰু কণা পিএম২.৫ৰে গঠিত বায়ু প্ৰদূষণে হাওঁফাওঁ আৰু তেজত প্ৰৱেশ কৰিব পাৰে আৰু ভাৰতত ই এক ডাঙৰ স্বাস্থ্যজনিত বিপদ। এতিয়া গৱেষকসকলে দহ বছৰৰ ভিতৰত এই কণা আৰু মৃত্যুৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰিছে। ২০০৯ চনৰ পৰা ২০১৯ চনৰ ভিতৰত ভাৰতৰ ৬৫৫খন জিলাৰ তথ্যৰ ভিত্তিত এই অধ্যয়ন কৰা হৈছে।

Please follow and like us:
Pin Share
Follow by Email
YouTube
URL has been copied successfully!