১) মধুমেহৰ দৰৱ লোৱাৰ পাছত (মুখেৰে খোৱায়েই হওক বা ইনচুলিন বেজীয়েই হওক)
খোৱাৰ ক্ষেত্ৰত আৰু কোনো ধৰণৰ নিয়ন্ত্ৰণ কৰিব নালাগে।।
— একেবাৰে ভুল। দৰৱ লোৱাৰ লগতে খাদ্য নিয়ন্ত্ৰণ আৰু নিয়মিত ব্যায়াম অত্যন্ত জৰুৰী।
2) তিতা বা টেঙা খালে চুগাৰ নিয়ন্ত্ৰণ হয়।
— নহয়, তিতা বা টেঙা খাই দেহত গ্লুকোজৰ মাত্ৰা কমাব নোৱাৰি।
3) মাকৰ যদি মধুমেহ ৰোগ থাকে তেন্তে শিশুটি জন্মৰ পাছতেই মধুমেহত আক্ৰান্ত হয়।
— নহয়, কিন্তু প্ৰাপ্ত বয়স্ক হোৱাৰ পাছত এই সকল শিশুৰ বংশগত কাৰণত মধুমেহ ৰোগ হোৱাৰ সম্ভৱনা বেছি।
৪) ইনচুলিন ফ্ৰীজত ৰাখিবই লাগে।
— ইনচুলিন ঘৰৰ ৰ’দ নপৰা ঠাইত থলে তিনি সপ্তাহলৈ ভালে থাকে। গতিকে ফ্ৰীজ নহ’লেও ঘৰত ইনচুলিন ৰাখিব পাৰি।
৫) মধুমেহ ৰোগীয়ে যিমান পাৰি কমকৈ খাব লাগে বা খালি পেট থাকিব লাগে।
— খালি পেটে থকাটো মধুমেহৰ চিকিৎসা নহয়। নিজৰ ওজন, পৰিশ্ৰমৰ ওপৰত হিচাব কৰি সন্তুলিত আৰু সুষম আহাৰ গ্ৰহণ কৰিব লাগে।
৬) মধুমেহ বয়ষ্ঠ মানুহৰহে ৰোগ।
— একেবাৰে শুদ্ধ নহয়। মধুমেহ যিকোনো বয়সৰ মানুহৰ ক্ষেত্ৰতেই হব পাৰে। শিশুৰ ক্ষেত্ৰত হোৱা মধুমেহৰ বিষয়ে ওপৰত বৃষ্টিত ভাৱে লিখা হৈছে।
৭) প্ৰস্বাৱত যদি চুগাৰ নাই, তেন্তে মধুমেহ হোৱা নাই।
— কথাটো শুদ্ধ নহয়, কাৰণ তেজত যদি গ্লুকোজৰ মাত্ৰা দুশ মিঃ গ্ৰাঃ প্ৰতি ডেচি লিঃত কৈ কম থাকে তেন্তে প্ৰস্বাৱত চুগাৰ পজিটিভ নেদেখায়। গতিকে প্ৰস্বাৱত চুগাৰ পৰীক্ষা শুদ্ধ নহয়।
৮) তেজ আৰু প্ৰস্বাৱৰ মধুমেহ বেলেগ বেলেগ হয়।কথাটো সঁচা নহয়, যদিতেজত গ্লুকোজৰ মাত্ৰা দুশ মিঃ গ্ৰাঃ প্ৰতি ডেচি লিঃ কৈ বেছি হয় তেতিয়া প্ৰস্বাৱত চুগাৰ পজিটিভ হয়þ।
৯) মধুমেহ সংক্ৰামক ৰোগ।
— নহয়, মধুমেহ ইনচুলিন হৰম’নৰ অভাৱৰ বাবে হোৱা ৰোগ।
এই ৰোগ ইজনৰ পৰা আনজনলৈ নিবিয়পে।
১০) মধুমেহ হ’লে ভাত খোৱাটো বাদ দি ৰুটী খাব লাগে।
— ভাত আৰু ৰুটী দুয়োটাতে প্ৰায় সমানে শৰ্কৰা থাকে। গতিকে ডায়েটেচিয়ানৰ পৰামৰ্শ অনুসৰি কিমান পৰিমানৰ ভাত খালে ভাল সেইটো জানি ভাত খাব লাগে।
১১) মধুমেহ ৰোগীয়ে ৰক্তদান কৰিব নোৱাৰে।
— যি সকল মধুমেহ ৰোগীয়ে ইনচুলিন বেজী লয়, তেওঁলোকে ৰক্তদান কৰিব নালাগে। আনহাতে যদি মেটফৰমিন টেবলেট খায় আৰু নিয়মিত ব্যায়াম কৰে তেওঁলোকে ৰক্তদান কৰিব পাৰে। যদি মেটফৰমিনৰ লগত আন টেবলেট খায় তেন্তে চিকিৎসকৰ পৰামৰ্শ লৈ ৰক্তদান কৰিব লাগে।
১২) মধুমেহ ৰোগীয়ে ফল-মুল খাব নোৱাৰে।
— মধুমেহ ৰোগীয়ে অধিকাংশ ফলেই খাব পাৰে, কেৱল খুব বেছি মিঠা আৰু পকা ফলবোৰ নাখালে ভাল।