Spread the love

জাকিৰ হুছেইনৰ মৃত্যু এক বিৰল হাওঁফাওঁৰ ৰোগত যাক ইডিয়পেথিক পালমোনাৰী ফাইব্ৰ’ছিছ বুলি কোৱা হ’য়।

তাবলাৰ সম্ৰাট জাকিৰ হুছেইনৰ ইডিয়পেথিক পালমোনাৰী ফাইব্ৰ’ছিছৰ বাবে ছান ফ্ৰান্সিস্কোৰ এখন চিকিৎসালয়ত মৃত্যু হয়।

ই এক বিৰল আৰু প্ৰগতিশীল হাওঁফাওঁৰ ৰোগ ইয়াৰ  কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

ইডিয়পেথিক পালমোনাৰী ফাইব্ৰ’ছিছ (আই পি এফ) নামৰ এক হাওঁফাওঁৰ বিৰল  ৰোগৰ জটিলতাৰ ফলত যোৱা ১৬ ডিচেম্বৰ সোমবাৰে ছান ফ্ৰান্সিস্কোৰ এখন চিকিৎসালয়ত মৃত্যু হয় তাবলাৰ যাদুকৰ জাকিৰ হুছেইনৰ। পৰিয়ালৰ লোকে এক বিবৃতিত জনোৱা মতে, ৭৩ বছৰীয়া মিউজিকেল আইকনগৰাকীয়ে ২ সপ্তাহ ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল আৰু পিছত তেওঁক ইনটেনচিভ কেয়াৰ ইউনিট (আই চি ইউ)লৈ স্থানান্তৰিত কৰা হয় যদিও বছাব পৰা নগল।