Spread the love

 

বিস্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া তথ্য অনুসৰি বিস্বৰ ৩০ পৰা ৪০ শতাংশ মানুহেই কিবা নহয় কিবা এলৰ্জিত ভোগে আৰু এই পৰিসংখা দিনক দিনে বাঢ়ি আহিছে। বিগত দশকটোত শিশু আৰু কিশোৰ কিশোৰিৰ মাজত এলাৰ্জিৰ প্ৰাদুৰ্ভাব প্ৰায় ৫০ শতাংশ বৃদ্ধি পাইছে।

এলাৰ্জি সমূহৰ মাজত শ্বাস প্ৰশ্বাস জনিত (respiratory allergy) ,খাদ্য এলাৰ্জি(food allery),ছালৰ এলাৰ্জি( ezmema) তিনিবিধেই বেছিকৈ দেখা যায়।
দেখা গৈছে যে বহুক্ষেত্ৰত শিশু অৱস্থাতেই আৰম্ভ হোৱা এলাৰ্জিয়ে সময়ৰ বা বয়সৰ লগত প্ৰাপ্তবয়স্ক অৱস্থালৈ নিজৰ ৰূপ সলনি কৰি গৈ থাকে আৰু ইয়াকেই এট’পিক মাৰ্চ বুলি কোৱা হয়। এট’পি মানে হ’ল এলাৰ্জি। সাধাৰণতে শিশু অৱস্থাত ছালৰ এলাৰ্জি বা ইকজেমাৰে আৰম্ভ হৈ ক্ৰমে খাদ্য এলাৰ্জি ,এলাৰ্জিক ৰাইনাইটিছ আদি হৈ পাছলৈ হাঁ পানি (asthma) ৰোগলৈ পৰিবৰ্তিত হ’য়।

এট’পিক মাৰ্চৰ ধাৰণা অতিশয় জৰুৰী এইবাবেই যে শিশু কালতে ধৰা পেলাব পাৰিলে বহুক্ষেত্ৰত ইয়াক প্ৰতিৰোধ কৰিব পৰা যায় অথবা চিকিৎসা প্ৰণালী আগতেই নিৰ্ধাৰন কৰিব পৰা যায়।