Spread the love

হিমাট’স্পাৰ্মিয়া ( Haematospermia )মানে হ’ল বীৰ্যৰ লগত তেজ যোৱা এক অবস্থা। অৱশ্যে শুনিবলৈ ই যিমান ভয়লগা বাস্তৱত তেনেকুৱা নহয় । ৫০ বছৰ বয়সৰ তলৰ ব্যক্তিৰ বাবে ই এক সাধাৰণ ঘটনা। বেছিভাগ ক্ষেত্ৰটে ই 2 পৰা ৩ মাহৰ ভিতৰত নিজে নিজেই ঠিক হৈ যায়। অৱশ্যে যদি মানুহজনৰ বয়স ৫০ বছৰৰ বেছি আৰু অবস্থাটো ২ বা ৩ মাহৰ পাছতো ঠিক নহয় বা ইয়াৰ লগত আৰু অন্য কোনো বেলেগ সমস্যা জৰিত হৈ থাকে তেতিয়া চিকিৎসকৰ পৰামৰ্শ লব লাগে।

কি কাৰণত হিমাট”স্পাৰ্মিয়া হয় ?
প্ৰধান কাৰণ সমূহ হ’লঃ
ক)সংক্ৰমন
১) প্ৰস্থেট গ্ৰন্থিৰ সংক্ৰমন
২) মূত্ৰনলীৰ বা মূত্ৰাশয়ৰ সংক্ৰমন
৩) যৌন সংক্ৰমিত ৰোগ যেনে গন’ৰিয়া বা ক্লেমাইদিয়া ইত্যাদি।

খ)আঘাত
. মূত্ৰাশয় বা মূত্ৰনলীৰ আঘাত
. প্ৰস্থেট গ্ৰন্থিৰ বায়’পচি বা কেথেটাৰ লগোৱাৰ পাছত

গ) অবৰোধ
মূত্ৰনলীৰ কোনোবা অংশত বা প্ৰস্থেট গ্ৰান্থিৰ ভিতৰত হোৱা চিস্ট
ঘ)তেজ আৰু ধমনীৰ ৰোগ
উচ্চৰক্তচাপ,হিম’ফিলিয়া,ভেৰিক’ছিল আদিও হিমাট’স্পাৰ্মিয়াৰ কাৰণ হ’ব পাৰে।
ঙ)কৰ্কট ৰোগ
প্ৰস্থেট গ্ৰন্থি , অণ্ডকোষ, মূত্ৰাশয় বা মুত্ৰনলীৰ কৰ্কট ৰোগ।
ইয়াৰ উপৰিও যকৃতৰ ৰোগ ,উশৃংখল জীৱন যাপন শৈলী ইত্যাদিও কেতিয়াবা এই
ৰোগৰ কাৰণ হৈ পৰে।
লক্ষণসমূহ কেনেকুৱা?
মূল লক্ষণ হ’ল বীৰ্যৰ লগত তেজ যোৱা বা বীৰ্যৰ ৰং গুলপীয়া বা ৰঙা হোৱাটো।
ইয়াৰ উপৰিও অন্য কিছুমান লক্ষণ যেনে বীৰ্যস্খলনৰ সময়ত বিষ, প্ৰস্বাবৰ লগত তেজ,অণ্ডকোষৰ বিষ বা ফুলি উঠা ,তলপেট বা মূত্ৰনলীৰ বিষ,জ্বৰ ইত্যাদিও দেখা যায়।

চিকিৎসা আৰু ৰোগ নিৰ্ণয় কেনেকৈ ক’ৰা হয়?

বেছিভাগ ক্ষেত্ৰতেই ই এক সাধাৰণ সমস্যা । প্ৰায় ২ ১ পৰা ৩ মাহৰ ভিতৰত ই নিজে নিজেই উপশম হয়। কিন্তু যদি সমস্যাটো অপৰিবৰ্তিত হৈ থাকে বা ৫০ বছৰৰ ওপৰৰ ব্যক্তি হয় বা লগত আন আন লক্ষণ থাকে তেতিয়া চিকিৎসকৰ পৰামৰ্শ লোৱাৰ দৰকাৰ। তেজ পৰীক্ষা,প্ৰস্বাব পৰীক্ষা,আলত্ৰাছাউণ্ড,এম .আ১.আই ইত্যাদি প্ৰয়োজন সাপেক্ষে কৰা হয় আৰু ৰোগৰ প্ৰকৃত কাৰণ ধৰা পেলাই চিকিৎসাৰ দিহা দিয়া হয়।